মৃত্যুদণ্ড আদালতে দিয়ে, মৃত্যুদণ্ড ন্যায়াধীশে দিয়ে । মৃত্যুদণ্ড দিয়াৰ আগতে দুয়োপক্ষৰ শুনানি হয় । গতিকে এই শব্দবোৰৰ পৰিভাষা জানিলে মৃত্যুদণ্ড শব্দটো ব্যৱহাৰেই নকৰোঁ ৷’’ এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । উল্লেখ যে, আলফা স্বাধীনে চৰম সিদ্ধান্ত গ্ৰহণ কৰি দুজন যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰা ঘটনা সন্দৰ্ভত দেওবাৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ দুজন যুৱকক শনিবাৰে মৃত্যদণ্ডৰে দণ্ডিত কৰিছিল । এই সন্দৰ্ভত আলফা স্বাধীনে বিবৃত্তি প্ৰকাশ কৰাৰ লগতে যুৱকদ্বয়ৰ ভিডিঅ’ বাৰ্তাও ৰাজহুৱা কৰিছিল । যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে কোনোৱা ল’ৰা-ছোৱালীক আলফাত যোগদানৰ বাবে লৈ গৈছে আৰু তাতে গৈ হত্যা কৰিছে । সাধাৰণ ভাষাত কথাটো হৈছে এইটো । তেজৰ ফাকুৰে অসমৰ উন্নতি হ’ব নোৱাৰে বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে পুনৰ আলফা স্বাধীনক আলোচনাৰ মাজলৈ অহাৰ বাবে আহ্বান জনায় ।