শুকুৰবাৰে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে গুৱাহাটী মহানগৰীত পেট্ৰ’ল পাম্প বন্ধ ঘোষণা কৰিছে । নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে তেল কোম্পানীবোৰে প্ৰাপ্য আদায় নিদিয়াৰ প্ৰতিবাদত গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধ ঘোষণা কৰিছে ।
উল্লেখ্য যে, ১৩ মে’ৰ পুৱা ৫ বজাৰ পৰা ১৪ মে’ৰ পুৱা ৫ বজালৈ গুৱাহাটীত পেট্ৰ’ল পাম্পসমূহ বন্ধ থকাৰ কথা সদৰি কৰে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে । অভিযোগ কৰা অনুসৰি, তেল কোম্পানীবোৰে কিছুমান অবৈধ বাণিজ্য পদ্ধতিৰ আশ্ৰয় লৈ আছে যিবোৰ নিৰ্ধাৰিত নিয়মৰ বিৰোধী ।
যদি তেল কোম্পানীবোৰে ১৫ মে’ৰ ভিতৰত সঁহাৰি নিদিয়ে আৰু নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ দাবী পূৰণ কৰাত বিফল হয়, তেন্তে এছ’চিয়েশ্যনে পুনৰ ১৬ মে’ৰ পুৱা ৫ বজাৰ পৰা পেট্ৰ’ল পাম্পসমূহ অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ।