অহা ১৭ মে’লৈ উত্তৰ-পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে প্ৰৱল বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞানীয়ে জনোৱা মতে, অহা ১৭ মে’লৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণ হোৱাৰ উপৰিও অসম- মেঘালয়, মণিপুৰ আৰু অৰুণাচলৰ কিছু কিছু ঠাইত বৰষুণৰ লগতে বিজুলী –ধেৰেকনিৰো সম্ভৱনা আছে।
বংগোপ সাগৰৰ উত্তৰ দক্ষিণ কোণত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱৰ ফলতেই অহা পাঁচ দিন ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থাকিব।