অসম আৰক্ষীৰ শেহতীয়াকৈ সম্পন্ন হোৱা নিযুক্তি প্রক্রিয়াত ভুৱা প্রমাণপত্র দাখিল সন্দৰ্ভদ CIDত গোচৰ ৰুজু কৰা হৈছে। CIDয়ে এই সন্দৰ্ভত ৫/২০২২ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰিছে। এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (DGP) ভাস্কৰজ্যোতি মহন্তই।
অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সংবাদ মেলত ডি জি পি মহন্তই প্রকাশ কৰা অনুসৰি মুঠ ৪১৪ জন প্রার্থীয়ে দাখিল কৰা কম্পিউটাৰ প্ৰমাণ-পত্ৰত অনিয়ম লাভ কৰিছিল। যাৰ বাবে তেওঁলোকে আৰক্ষী অধীক্ষকসকলক এই বিষয়টোৰ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ভিত্তিত আৰক্ষী অধীক্ষসকলে সংশ্লিষ্ট প্রমাণ-পত্র প্রদান কৰা প্রতিষ্ঠানসমূহৰ বিষয়ে অনুসন্ধান কৰে আৰু বহুকেইখন প্রতিষ্ঠান ভুৱা বুলি তথ্য লাভ কৰে। সেয়েহে ইয়াৰ অনুসন্ধানৰ বাবে চি আই ডিক ইতিমধ্যে দায়িত্ব অর্পণ কৰা হৈছে।
উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষীত নিযুক্তি প্ৰদান কৰা ৮ সহস্রাধিক কনিষ্টবলৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ স্বচ্ছ আৰু নিকা আছিল বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, জিলা আৰু বিভিন্ন শ্ৰেণীৰ ক্ষেত্ৰত কাট অফ মার্ক বেলেগ বেলেগ হ’ব পাৰে। কাট অফ মাৰ্কৰ সম্পূর্ণ তথ্য ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেন্ট ব’ৰ্ডৰ ওচৰত মজুত আছে। যদি কোনোবা প্রার্থীয়ে সন্দেহবশতঃ চাব বিচাৰে, তেন্তে তেওঁ ব’ৰ্ডৰ ওচৰলৈ আহি সেই তথ্যসমূহ লাভ কৰিব পাৰিব। আনহাতে, আজিৰ ভিতৰত নৱনিযুক্ত কনিষ্টবলসকলে জিলা অথবা বেটেলিয়নত উপস্থিত হ’ব লাগিব বলি উল্লেখ কৰি তেওঁ কয়, তেওঁলোকৰ নিযুক্তি স্থানৰ বাবে নিৰ্দেশ প্ৰদান কৰা হ’ব৷