যোৱা ১৪ মে’ তাৰিখে ২৩ হাজাৰ নিবনুৱাক অসম চৰকাৰে নিযুক্তি দিয়ে। ইয়াৰ ভিতৰত বহু সংখ্যক আৰক্ষী কনিষ্টবলেও নিযুক্তি লাভ কৰিছে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত কিনষ্টবলসকলে ডেৰগাওঁ আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰাথমিক পৰীক্ষা গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ বাবে অসম আৰক্ষী সঞ্চালকে প্ৰশিক্ষণত সুবিধা হোৱাৰ বাবে আগতীয়াকৈ কিছু নিৰ্দেশনা প্ৰেৰণ কৰিছে। তলত তাৰে কিছু আভাস দিয়া হ’ল-
জাননী।। @assampolice ত নতুনকৈ AB আৰু UB কনিষ্টবল হিচাপে নিয়োগ লাভ কৰা সকলৰ বাবে যোগদানৰ নিৰ্দেশনা- pic.twitter.com/DMQPQYRnx0
— GP Singh (@gpsinghips) May 16, 2022
(ক) সকলো নিযুক্তিপ্ৰাপ্ত কনিষ্টবল (RC)য়ে তেওঁলোকৰ নিজ নিজ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰাথমিক প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কমেও দুদিনৰ আগতে উপস্থিত হব লাগিব।
(খ) সকলো নিযুক্তিপ্ৰাপ্ত কনিষ্টবলৰ প্ৰয়োজনীয় শাৰীৰিক সুস্থতা আৰু নিম্নতম শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। সকলো প্ৰশিক্ষাৰ্থীয়ে তেওঁলোকৰ নিজ নিজ ইউনিট হস্পিটেল বা জিলা আৰক্ষী চিকিৎসালয়ৰ পৰা MFC (মেডিকেল ফিটনেছ চাৰ্টিফিকেট) আৰু BMI (বডী মাচ ইণ্ডেক্স) আৰু (নোটাৰাইজড এফিডেভিটী) বহন কৰিব আৰু প্ৰাথমিক প্ৰশিক্ষণৰ বাবে তেওঁলোকৰ প্ৰশিক্ষণৰ সময়ত সেইবোৰ প্ৰদৰ্শন কৰিব লাগিব।
(গ) নিজ নিজ প্ৰশিক্ষণত যোগদান কৰাৰ সময়ত প্ৰতিজন নিয়োগ কনিষ্টবলে অৱশ্যেই তেওঁলোকৰ সৈতে অত্যাৱশ্যকীয় কাপোৰৰ সামগ্ৰী আনিব লাগিব
১. বিচনাৰ সামগ্ৰীঃ বগা বিচনা চাদৰ দুখন, বগা কাভাৰ থকা গাৰু এটা, দুখনকৈ কম্বল (নীলা), বগা ৰঙৰ আঠুৱা এখন, হোল্ডল এটা আৰু এটা টৰ্চলাইট।
২. বাচন-বৰ্তনঃ প্লাষ্টিকৰ বাল্টি দুটা, ষ্টীলৰ মাগ এটা, প্লাষ্টিকৰ মগ এটা, ষ্টেইনলেছ ষ্টীলৰ থাল বা কাহী এখন, বাউল/বাতি এটা, সৰু চামুচ দুখন।
৩. পোচাকঃ বগা টি-চাৰ্ট দুটা, দুটা বগা হাফ পেণ্ট (পুৰুষৰ বাবে), দুটা বগা দীঘল পেণ্ট (মহিলাৰ বাবে), বগা মোজাৰ সৈতে বগা কেনভাচ জোতা এজোৰ, দুটা বগা স্লিভলেছ গেঞ্জী (পুৰুষৰ বাবে), মোজাৰ সৈতে ৰঙা কেনভাচ জোতা এজোৰ।
৪. কলম আৰু টোকাবহীঃ পাঁচটা কলম (বলপেন) আৰু টোকাবহী পাঁচখন।
৫. শ্বেভিং কিটঃ এটা
৬. নগদ ধনঃ ১০,০০০ টকা (দহ হাজাৰ টকা)।