অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা হ’ব তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। উচ্চতম ন্যায়ালয় Collegiumয়ে ন্যায়াধীশ ভূঞাৰ লগতে ৫জন ন্যায়াধীশক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰক পৰামৰ্শ প্ৰেৰণ কৰিছে। ন্যায়াধীশ ভূঞা ২০১১ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হৈছিল। ২০১৯ চনত তেওঁক বোম্বে উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছিল। ২০২১ চনৰ অক্টোবৰত তেওঁ তেলেংগানা উচ্চ ন্যায়ালয় যোগদান কৰিছিল।
ন্যায়াধীশ ভূঞা চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে দেশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয় Collegiumৰ ন্যায়াধীশ নিযুক্তিৰ পৰামৰ্শ কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে গ্ৰহণ কৰাটো বাধ্যতামূলক।