দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত বুধবাৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক । উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ‘দলতকৈ মোমাই ডাঙৰ নহয়’ বুলি কৈ বুধবাৰে দিনৰ ভাগত প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক বহিষ্কাৰ কৰাৰ কথা সদৰী কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক উভতি ধৰিছে নীলমণিসেন ডেকাই ।
প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ‘পাগল’ হোৱা বুলি মন্তব্য কৰে । তেওঁ কয় যে বিভিন্ন সময়ত দলৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ উত্থাপন কৰা অভিযোগসমূহ দলৰ আন জ্যেষ্ঠ নেতায়ো উত্থাপন কৰিছে । কিন্তু প্ৰদেশ কংগ্ৰেছে তেওঁক বহিষ্কাৰৰ সিদ্ধান্ত লোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডেকাই কয় যে তেওঁৰ হাতত ধুমুহাৰ সৃষ্টি কৰিব পৰা বিস্ফোৰক তথ্য আছে । তেওঁক ততাতৈয়াকৈ বহিষ্কাৰৰ সিদ্ধান্ত লৈ এই সকল নেতাই ‘গাধ’ৰ দৰে কাম কৰিছে বুলি তেওঁ মন্তব্য কৰে ।