২৩ তাৰিখৰ পৰা হাইলাকান্দি জিলাত অনুষ্ঠিত হবলগীয়া গুণোৎসৱ পিছুৱাই দিয়াৰ বাবে শিক্ষা বিভাগক অনুৰোধ জনাইছে হাইলাকান্দি জিলা প্ৰশাসনে। বানপানীৰ ফলত জিলাখনত প্ৰায় অৰ্ধশতাধিক বিদ্যালয় ক্ষতিগ্ৰস্ত হোৱাৰ বাবে জিলা প্ৰশাসনে শিক্ষা বিভাগক গুণোৎসৱৰ তাৰিখ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। ২৩ মে’ৰ পৰা হাইলাকান্দি জিলাত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাই দিয়াৰ সম্ভাৱনা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, অহা ২৩ মে’ৰ পৰা ৰাজ্যৰ ১৩ খন জিলাত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। কিন্তু বৰাক নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ প্ৰায় ৪০ খন বিদ্যালয় বৰ্তমান পানীৰ তলত আছে। তদুপৰি বৰ্তমান দুখন বিদ্যালয়ত সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এনে পৰিস্থিতিত, এই বিদ্যালয়বোৰত গুণোৎসৱ আয়োজন কৰাটো প্ৰায় অসম্ভৱ। ফলস্বৰূপ হাইলাকান্দি জিলা প্ৰশাসনে শিক্ষা বিভাগক এই গুণোৎসৱৰ তাৰিখ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে।