অসমত মুছলমান তিনি প্ৰকাৰৰ। এটা হৈছে খিলঞ্জীয়া মুছলমান, এওঁলোক আমাৰ নিজৰ মানুহ। দ্বিতীয় প্ৰকাৰৰ হৈছে ধৰ্মান্তৰিত মুছলমান, সেইসকল দেশী মুছলমান। তেওঁলোকৰ ঘৰৰ সন্মুখত আজিও তুলসী পুলি আছে। তৃতীয় প্ৰকাৰৰ মুছলমান হৈছে অনুপ্ৰৱেশকাৰী, তেওঁলোকে নিজকে মিঞা বুলি ভাবে, এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
নতুন দিল্লীত মিডিয়া মহামন্থন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে, বর্তমান অসমৰ ১২খন জিলা মিঞা মুছলমানৰ দখলত আছে। যিসকল মুছলমানে মাদ্ৰাছাৰ বিৰুদ্ধে কয়, ইউনিফর্ম চিভিল ক’ডৰ বিৰুদ্ধে কয়, তেওঁলোকহে প্ৰকৃত ভাৰতীয়। মোগলক অসমে ১৭বাৰ বাধা দিলে, পাছত কংগ্ৰেছেহে মোগলক অসমলৈ আনিলে। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কংগ্ৰেছত ২২ বছৰ আছিল, কংগ্ৰেছত গান্ধী পৰিয়ালৰ বাহিৰে আন একো নাই। কংগ্ৰেছত দেশ মানেই গান্ধী। কিন্তু বিজেপিত ইয়াৰ সম্পূর্ণ ওলোটা। বিজেপিত দলতকৈও দেশ ওপৰত। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে, ৰাহুল গান্ধীৰ কথাৰ সৈতে আলফাৰ কথাৰ কোনো পাৰ্থক্য নাই। পৰেশ বৰুৱায়ো ভাৰতক দেশ বুলি নাভাবে আৰু ৰাহুল গান্ধীয়েও নাভাবে। কেৱল ৰাহুল গান্ধীয়ে ইংৰাজীত কয় আৰু আলফাই অসমীয়াত কয়।