মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। হাতীগাঁৱৰ ফ্রেইণ্ডছ পথৰ গৃহ নং ৪২ত আব্দুল হক নামৰ এজন অভিযন্তাৰ বাসগৃহত এই হত্যাকাণ্ড সংঘটিত হৈছে। মৃত লোকজনৰ নাম জৈনুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে। অভিযন্তাজনৰ গৃহত ছিপাঝাৰৰ জৈনুদ্দিন আহমেদে ভাড়া কৰি আছিল। হায়দৰাবাদত থাকে ঘৰটোৰ মালিক আব্দুল হক।
আৰক্ষীৰ প্রাথমিক তদন্তত ডকাইতি কৰি হত্যা কৰাৰ সন্দেহ। ঘৰৰ গ্রীলভাঙি বাসগৃহটোত নিশা সোমাইছিল হত্যাকাৰী। উল্লেখযোগ্য যে, গেলামাল দোকানৰ ব্যৱসায়ী আছিল মৃত জৈনুদ্দিন আহমেদ।