জালুকবাৰী উৰণীয়া সেতুত বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে। সদাব্যস্ত সেতুখনত যিকোনো মুহূর্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় বাসিন্দা তথা যাতায়ত কৰা ৰাইজে। উৰণীয়া সেতুৰ দেৱালত ফাট মেলাৰ লগতে উক্ত সেতুত বৃহৎ গাঁতৰো সৃষ্টি হৈছে।
সেয়েহে কামৰূপ মহানগৰ জিলা প্রশাসনে গাঁত হোৱা অংশত বেৰিকেট লগাই বন্ধ কৰি দিছে। যদিহে শীঘ্ৰে সেতুৰ ভগ্ন অংশ মেৰামতি নকৰে, তেন্তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা নুই কৰিব নোৱাৰি। উল্লেখ্য যে গুৱাহাটী মহানগৰীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই উৰণীয়া সেতুৰে শ শ যান-বাহন চলাচল কৰে।