অসম জাতীয় পৰিষদত মোক্ষম আঘাত হানি সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে দল ত্যাগ কৰিলে। উল্লেখযোগ্য যে, দলৰ প্রতিষ্ঠাকালৰ অন্যতম গুৰি ধৰোতা আছিল বসুমতাৰী।
তেওঁ ২০২১ত ধেমাজি সমষ্টিত অসম জাতীয় পৰিষদৰ প্রাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
অৱশ্যে বসুমতাৰীয়ে ধেমাজিত দ্বিতীয় স্থান লাভ কৰি পৰাজিত হৈছিল। অজাপৰ প্রাৰ্থীৰ ভিতৰত সৰ্বাধিক ভোট পোৱা ব্যক্তি আছিল তেওঁ। মাজুলীৰ উপ-নিৰ্বাচনতো বিৰোধীৰ সন্মিলিত প্রাৰ্থী আছিল তেওঁ। আজি দলৰ সভাপতিলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে নেতাজনে। কিন্তু কিয় বসুমতাৰীয়ে এই সিদ্ধান্ত ল’ব লগা হ’ল বা তেওঁ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ কাৰ্যপন্থা হাতত ল’ব তালৈ সকলোৱে উৎসুকতাৰে লক্ষ্য ৰাখিব।