ভাৰত চৰকাৰে নগা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত NSCN (IM) দাবী কৰা নাগালিমৰ সুকীয়া পতাকা আৰু সংবিধান সাংস্কৃতিক প্ৰতীকা ৰূপত প্ৰদান কৰিলে গ্ৰহণযোগ্য নহ’ব বুলি পুনৰ স্পষ্ট কৰিছে বিদ্ৰোহী সংগঠনটোৱে। ২৬ মে’ত প্ৰকাশিত সংগঠনটোৰ মাহেকীয়া মুখপত্ৰ ‘নাগালিম ভয়ছৰ’ সম্পাদকীয়ত কোৱা হৈছে যে নাগা জাতীয় পতাকা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ প্ৰতীক, সেয়ে নাগা পতাকাক সাংস্কৃতিক পতাকা হিচাপে ব্যৱহাৰৰ কৰাতো কোনোপধ্যেই মানি নলয় NSCN এ। উল্লেখযোগ্য যে, ভাৰত চৰকাৰে নাগা পতাকাক সাংস্কৃতিক পতাকা হিচাপে স্বীকৃতি দিব পাৰে বুলি ইংগিত লাভ কৰাৰ পিছতে NSCNএ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তথ্য অনুসৰি কেন্দ্ৰই এছিয়াৰ আটাইতকৈ দীঘলীয়া নগাৰ সংগ্ৰামখন অন্ত পেলাবলৈ ভাৰত চৰকাৰে সাংস্কৃতিক উদ্দেশ্যত নাগা পতাকা ব্যৱহাৰ আৰু নাগা সংবিধানক ভাৰতীয় সংবিধানত পাৰস্পৰিক গ্ৰহণযোগ্য অংশ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ বিৰোধিতা নকৰা বুলি ওলোৱা খবৰৰ পিছতে এন এছ চি এনে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এন এছ চি এনে কৈছে যে, ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত হাই প্ৰফাইল ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিতত ঐতিহাসিক আছিল কাৰণ তেওঁ দক্ষিণ পূৰ্ব এছিয়াৰ আটাইতকৈ দীঘলীয়া নগা সংগ্ৰামখনৰ সমাধান কৰা বুলি ঘোষণা কৰিছিল। আজি সেই একেজন প্ৰধানমন্ত্ৰীয়ে নগাসকলৰ ফ্ৰেমৱৰ্ক চুক্তিক কিদৰে পৰিচালনা কৰিবলৈ গৈছে। ২৫ বছৰীয়া ইণ্ডো-নাগা ৰাজনৈতিক আলোচনাত ওলোৱা ভাল ফলাফলৰ সংকটৰ সন্মুখীন হৈছে। ভাৰত চৰকাৰে চুক্তিৰ পিছত চুক্তি কৰা বিষয়টোৱে NSCNক উদিগ্ন কৰি তুলিছে।