পঞ্জাৱৰ তাৰকা গায়ক সিদ্ধু মুজৱালাৰ হত্যাই ৰাজনৈতিক মহলৰ লগতে মনোৰঞ্জন উদ্যোগক হতবাক কৰি তুলিছে।গেংষ্টাৰ গোল্ডি বৰদে এই ঘটনাটো সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। পঞ্জাৱ আৰক্ষীয়ে দাবী কৰিছে যে গোল্ডিয়ে ইতিমধ্যে হত্যাৰ কথা স্বীকাৰ কৰিছে।তেওঁলোকে গোল্ডিৰ স্বীকাৰোক্তি হিচাপে এটা ফেচবুক পোষ্টও শ্বেয়াৰ কৰিছিল। কেৱল তাৰকা গায়কে নহয়, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ এজন নেতাক ব্যস্ত চহৰৰ মাজমজিয়াত আবেলি এনেদৰে হত্যা কৰা ঘটনাক কোনেও সহজতে বিশ্বাস কৰিব নোৱাৰে।
সিদ্ধুক দেওবাৰে পঞ্জাৱৰ মানচা জিলাৰ তেওঁৰ জন্মস্থান জাৱাৰত হত্যা কৰা হৈছিল। সাধাৰণতে তেওঁ বুলেটপ্ৰুফ গাড়ী লৈহে বাহিৰলৈ গৈছিল কিন্তু সেইদিনা তেওঁ মহিন্দ্ৰা থাৰ জীপ খন লৈ বাহিৰলৈ গৈছিল। তেওঁ নিজেই চালকৰ আসনত আছিল। পঞ্জাৱ আৰক্ষীৰ সূত্ৰ অনুসৰি তিনিখন বাহন ৰাস্তাৰ তিনিফালৰ পৰা আহি সিদ্ধুক ঘেৰি ধৰিছিল। তাৰ পিছত তেওঁৰ ওপৰত সাত ৰাউণ্ড গুলী চালনা কৰা হৈছিল। সিদ্ধুৱে নিজকে ৰক্ষা কৰাৰ কোনো সুযোগ পোৱা নাছিল। তেওঁ গাড়ীত মৃত্যুবৰণ কৰিছিল। তেওঁৰ দুজন বন্ধুকো গুলীয়াই হত্যা কৰা হৈছিল।
বিৰোধীয়ে সিদ্ধুৰ মৃত্যুত পঞ্জাৱ চৰকাৰৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ কংগ্ৰেছ নেতা সিদ্ধুৱে কিছু সময়ৰ পৰা মাফিয়াৰ পৰা ভাবুকি লাভ কৰি আহিছিল। তেওঁ চৰকাৰক এই বিষয়ে কৈছিল। তেওঁৰ বাবে চাৰিজন বন্দুকধাৰী দেহৰক্ষী নিযুক্ত কৰা হৈছিল। কিন্তু ভি.ভি.আই.পি সংস্কৃতিৰ সমাপ্তিৰ বাবে পঞ্জাৱ চৰকাৰে শনিবাৰে ৪২৪ জন লোকক প্ৰদান কৰা নিৰাপত্তা প্ৰত্যাহাৰ কৰে। চৰকাৰে প্ৰকাশ কৰা তালিকাখনত সিদ্ধুৰ নামো আছিল। বিৰোধীয়ে দাবী কৰিছে যে মৃত্যুৰ ভাবুকি পোৱা এজন ব্যক্তিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাটো আচৰিত জনক ঘটনা।