মাজুলীৰ গড়মূৰ থানাত এছ আই জোনমণি ৰাভা হাজিৰ হোৱাৰ বিপৰীতে ৰাণা পগাগ নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ ৷ মাজুলীৰ পৰা ৰাণাক নগাঁও সদৰ থানালৈ আনে আৰক্ষীয়ে ৷ নগাঁৱৰ পৰা ঠগ, প্ৰবঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে জিম্মাত লৈছিল ৰাণাক ৷ মাজুলীৰ পৰা ৰাণাক নগাঁৱলৈ অনাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷
উল্লেখ্য যে, ৰাণাৰ বিৰুদ্ধে প্ৰেমিকা SI জোন মণি ৰাভাই এক গোচৰ দাখিল কৰিছিল ৷ প্ৰেমিক ৰাণা ঠগ, প্ৰবঞ্চক বুলি গোচৰ দিয়াৰ পিছত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ এছ আই জোনমণিয়ে ভাবি স্বামীক প্ৰবঞ্চক বুলি জানিব পাৰি আইনৰ আওতাৰ মাজলৈ আনিছিলআৰু নিজে বা বা লাভ কৰিছিল
কিন্তু এছ আই জোনমণিয়ে লাভ কৰা এই বা বা বেছি সময়লৈকে নাথাকিল ৷ মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে একাধিক ব্যৱসায়ীয়ে গোচৰ দিলে মাজুলীত৷ অভিযোগ ৰাণা পগাগৰ লগত মিলি SI জোনমণিয়েও কৰিছিল প্ৰবঞ্চনা৷ ফলত, শাস্তিমূলক হিচাপে নগাঁও সদৰ থানাৰ পৰা জোন মণিক বদলি কৰা হল কলিয়াবৰলৈ ৷ কলিয়াবৰত যোগদান কৰিয়েই এছ আই জোনমণিয়ে ললে ছুটি ৷ ইয়াৰ মাজতে আজি জোনমণিক মাজুলীৰ গড়মূৰ থানাত আৰু ৰাণাক নগাঁও সদৰ থানাত হাজিৰ কৰা হব ৷ ৰাণা পগাগক আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰাব৷