প্ৰাক্তন বেংক বিষয়াৰ আৱাসিক চৌহদত প্ৰৱৰ্তন সঞ্চালকালয় (ED)ৰ অভিযান৷ উল্লেখ্য যে, ইণ্ডাষ্ট্ৰিয়েল কো-অপাৰেটিভ বেংক লিমিটেড প্ৰাক্তন পৰিচালন সঞ্চালকৰ বিৰুদ্ধে বুধবাৰে অভিযান চলাই অৰ্থনৈতিক চোৰাংচোৱা সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ে৷ ইণ্ড্ৰাষ্টিয়েল কো-অপাৰেটিভ বেংকৰ প্ৰাক্তন পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীৰ আৱাসিক আৰু চৰকাৰী চৌহদত অভিযান চলাই দলটোৱে জব্দ কৰে বহু আপত্তিজনক নথি-পত্ৰ৷ ধনৰ অবৈধ লেনদেনৰ অভিযোগত ইডিয়ে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ কামৰূপ আৰক্ষীৰ দ্বাৰা তেওঁৰ আৰু আনসকলৰ বিৰুদ্ধে দাখিল কৰা ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ ভিত্তিত এই অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ে৷
অভিযোগ অনুসৰি, ভৰালীয়ে বেংকৰ আন কেইজনমান জ্যেষ্ঠ বিষয়াৰ সহযোগত প্ৰায় ৯.৫ কোটি টকাৰ বিত্তীয় অপব্যৱহাৰ কৰাৰ প্ৰমান পোৱা গৈছে। অভিযানকালত অভিযুক্তৰ পৰিয়ালৰ সদস্যসকলৰ নামত আহৰণ কৰা সম্পত্তিৰ সন্দৰ্ভত কেইবাখনো বিক্ৰীৰ দলিলসহ আপত্তিজনক নথিপত্ৰ আৰু বিভিন্ন বেংক একাউণ্টৰ বিৱৰণ জব্দ কৰা হৈছে৷