গুজৰাটৰ বড়োদৰাৰ ক্ষমা বিন্দু নামৰ ২৪ বছৰ বয়সীয়া এগৰাকী যুৱতী সাজু হৈছে ১১ জুনৰ দিনা হ’বলগীয়া তেওঁৰ বিয়াৰ বাবে। বিয়াখনৰ আচৰিত হ’ব লগীয়া বিষয়টো হ’ল ক্ষমা বিয়া হ’ব নিজৰেই সৈতে। অৰ্থাৎ আমি ইমান দিনে বিয়াৰ বাবে কমেও এহাল দৰা-কইনা লাগে বুলি জানি আহিছিলোঁ। সমকামী বিবাহৰ ক্ষেত্ৰতো দুজন পাত্ৰ থাকে আৰু আমি কোনো কোনো জনগোষ্ঠীৰ মাজত বহু-স্ত্ৰী (polygamy) বা বহু-পতি (polyandry) বিবাহৰ পৰম্পৰাৰ কথাও শুনি আহিছোঁ। এইখন সম্ভৱতঃ প্ৰথম স্ব-বিবাহ (Sologamy) য’ত ‘ফেৰা’ৰ পৰা সেন্দুৰ পিন্ধালৈকে সকলো নীতি-নিয়ম পালন কৰা হ’ব। কেৱল দৰা আৰু বৰযাত্ৰী নাথাকিব। ক্ষমাই কয় যে, ‘মই কেতিয়াও বিবাহ পাশত আৱদ্ধ হ’ব খোজা নাছিলোঁ, কিন্তু মোৰ কইনা হোৱাৰ ইচ্ছা আছিল। সেই বাবেই নিজকে বিয়া পাতিম।’
ইয়াৰ আগতে ভাৰতত কোনো মহিলাই নিজকে বিয়া পাতিছিল নেকি জানিবৰ বাবে তেওঁ ইণ্টাৰনেটত খুচৰি চাইছিল। ‘আমাৰ দেশত স্ব-প্ৰেমৰ ময়ে হয়তো প্ৰথম উদাহৰণ’ তেওঁ কয়। স্ব-বিবাহৰ মূল কথাটো হ’ল আপুনি নিজৰ বাবে সকলো সময়তে উৎসৰ্গিত হৈ থকা, নিজক চৰ্তহীন ভাৱে ভালপোৱা। ই এক প্ৰকাৰে নিজক নিজে গ্ৰহণ কৰি লোৱাৰ দৰে কথা। মই নিজক নিজে ভালপাওঁ আৰু সেই বাবেই এই বিয়াখনত বহিম।’ ব্যক্তিগত কোম্পানী এটাৰ কৰ্মচাৰী ক্ষমাই কয় যে, ‘স্ব-বিবাহ বহুতৰ বাবে অৰ্থহীন যেন লাগিব পাৰে, কিন্তু মই প্ৰত্যায়িত কৰিব খোজা কথাটো হ’ল নাৰীৰ গুৰুত্ব।’
তেওঁ লগতে জনায় যে, তেওঁৰ পিতৃ-মাতৃ মুকলি মনৰ লোক আৰু তেওঁলোকে ক্ষমাক বিয়াৰ বাবে আশীৰ্বাদ দিছে। ‘গোত্ৰী’ মন্দিৰত সম্পন্ন হ’বলগীয়া ক্ষমাৰ বিয়াখনৰ বাবে তেওঁ নিজে পাঁচটা প্ৰতিশ্ৰুতি সন্মূখত ৰাখিছে। বিয়াৰ পিচত তেওঁ দুসপ্তাহৰ বাবে মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ গোৱালৈ যাবলৈকো ঠিক কৰিছে।