জ্যোতিষ শাস্ত্ৰত এনে বহুতো সৰু সৰু উপায় আছে যাৰ দ্বাৰা আমি অতি সহজে ধনী হ’ব পাৰোঁ। আপুনি জানেনে? নেমু টেঙাৰ জৰিয়তেও সহজে ধনী হ’ব পাৰি। এইটো অতি সহজ কৌশল। এইটো যিকোনো দিনতে কৰিব পাৰি। সেই সহজ উপায়টো কি? সেয়া চাওঁ আহক।
এটা ডাঙৰ পকা নেমু লওঁক। তাৰপিছত, আধা গিলাচ পানী লওক। গোটেই ৰাতি নেমুটো পানীখিনিত ৰাখক। পিছদিনা ৰাতিপুৱা পানীৰ পৰা নেমুটো তুলি লওক। তাৰপিছত, নেমুটো মূৰৰ পৰা ভৰিলৈ ঘড়ীৰ বিপৰীত দিশত সাতবাৰ ঘূৰাওক। সাতবাৰ ঘূৰোৱাৰ পিছত নেমুটো চাৰিটুকুৰাকৈ কাটি এটা নিৰ্জন স্থানত পুতি ঘৰলৈ আহক। ঘৰলৈ আহি থাকোতে পিছলৈ ঘূৰি নাচাব।
এইটো কৰাৰ কেইদিনমানৰ ভিতৰতে ধনৰ ভাগ্য ঘূৰি অহা আপুনি দেখিবলৈ পাব। এই নিয়ম প্ৰতি সপ্তাহত কৰিলে ভাল।