• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মাওবাদী! NIAই ১০ লাখ টকাৰ পুৰস্কাৰ দিব ‘কিশোৰদা’ৰ সন্ধান দিওঁতাক!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 10, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
মাওবাদী! NIAই ১০ লাখ টকাৰ পুৰস্কাৰ দিব ‘কিশোৰদা’ৰ সন্ধান দিওঁতাক!
Share on FacebookShare on Twitter

মাওবাদীৰ ঘাটীত পৰিণত হৈছে নেকি অসম? কিছুদিনৰ পূ্ৰ্বে অসম আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল কাঞ্চনদা নামৰ এজন দুৰ্ধৰ্ষ মাওবাদীক। কাঞ্চনদাক জেৰা কৰি লাভ কৰা তথ্যৰ পৰাই অসমত মাওবাদ সম্প্ৰসাৰণৰ সম্পৰ্কীয় ভালেমান তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই। মাওবাদ দমনৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে ব্যাপক অভিযান চলি আছে যদিও ইয়াক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু তদন্তকাৰী সংস্থাবোৰে। শেহতীয়াকৈ এজন মাওবাদী নেতাক গ্ৰেপ্তাৰত সহযোগ কৰিবলৈ সাধাৰণ জনতাৰ সহায় বিচাৰি তদন্তকাৰী সংস্থা NIAই বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰাক লৈ চৰ্চা চলিছে।

বাতৰি কাকতত নিয়াই দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰদাৰ সন্ধান বিচাৰি এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এই দুৰ্ধৰ্ষ মাওবাদী নেতাৰ সন্ধান দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে NIAই। বাবু, পংকজ, অজয় আদি নামেৰেও জনাজাত এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনৰ পৰিচয় সদৰি কৰি নিয়াই লিখিছে যে, পিতৃ প্ৰয়াত সুভাষ চন্দ্ৰ গোস্বামী, ঠিকনা, এইচ বি ছোডপুৰ টাউন ৰোড নং ৬, স্নেহলতা এপাৰ্টমেণ্ট, থানা-ঘোলা, বাৰাকপুৰ আৰক্ষী কমিছনাৰেট, উত্তৰ ২৪ পৰগনা, পশ্চিম বংগ। তেওঁৰ আন এটা ঠিকনা হিচাপে প্ৰকাশ কৰা হৈছে যে, মাৰফত গুৰু প্ৰসাদ কৰ, বৰানগৰ, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ। আনহাতে, শক্তিপুৰ, গোস্বামীপাৰা, থানা-খাৰদহ, ডাক-আগৰপাৰা, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ তেওঁৰ তৃতীয়টো ঠিকনা হিচাপে উল্লেখ কৰা হৈছে।

পশ্চিমবংগৰ বাসিন্দা মাওবাদী নেতাজনক বিচাৰি অসমৰ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰা তথা নিয়াৰ গুৱাহাটী কাৰ্যালয়ক তথ্যৰ বিষয়ে অৱগত কৰাৰ ঠিকনা হিচাপে উল্লেখ কৰাটো তাতপৰ্যপূ্ৰ্ণ বিবেচিত হৈছে। এই কাৰ্যৰ জৰিয়তে অসম যে, মাওবাদীৰ ঘাটীত পৰিণত হৈছে তাক প্ৰতিপন্ন কৰিব বিচৰা হৈছে নেকি তাক লৈ চৰ্চা চলিছে। উল্লেখ্য যে, অসমৰ বিভিন্ন আওহতীয়া অঞ্চলক নিৰাপদ ঘাটী হিচাপে ব্যৱহাৰ কৰি দেশজুৰি মাওবাদী কাৰ্যকলাপ চলাই থকাৰ এই প্ৰচেষ্টা উদ্বেগজনক বিবেচিত হৈছে।

উল্লেখ্য যে, সব্যসাচী গোস্বামী সম্পৰ্কত সততে জানিব পৰা তথ্যৰ ভিতৰত আছে যে, তেওঁক আন এগৰাকী সহযোগীৰ সৈতে ২০১৩ চনত যাদৱপুৰৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁ সৈতে ধৰা পৰিছিল জাকিৰ হুছেইন নামৰ আন এজন অভিযুক্ত। তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু মাওবাদী সম্পৰ্কীয় নথি-পত্ৰও জব্দ কৰিছিল আৰক্ষীয়ে। অসমত আশ্ৰয় লৈ থাকিব পাৰে বুলি সন্দেহ কৰা মাওবাদী নেতাজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া উঠি পৰি লাগিছে তদন্তকাৰী সংস্থা।

Previous Post

এটা নেমুই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে! কেনেকৈ? জানো আহক

Next Post

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে আগবঢ়াইছে আকৰ্ষণীয় বিনিয়োগৰ সম্ভাৱনা

অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে আগবঢ়াইছে আকৰ্ষণীয় বিনিয়োগৰ সম্ভাৱনা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8