কোকৰাঝাৰ জিলাৰ ছালাকাটিত শুকুৰবাৰে নিশা অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে নিজকে KLO’ বুলি পৰিচয় দি ব্যৱসায়ী বিকাশ জৈনক(৩৫) পিষ্টলেৰে মূৰত আঘাত কৰি লুটপাত কৰা ঘটনাৰ পিছত আজি আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ সন্দেহত ৫ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আজি পুৱতি নিশা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা ৫ জন যুৱকৰ ভিতৰত তিনিজনকে প্ৰাক্তন KLO’ সদস্য বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত দুৰ্ষ্কৃতিকাৰীকেইটা হ’ল ক্ৰমে বালাগাঁৱৰ শুনিৰাম ৰায়(২৫), ক্ষীৰেণ ৰয়(2৭), লালটাৰীৰ আত্মসমৰ্পণকাৰী কে এল অ’ সদস্য হীৰক বৰ্মন ওৰফে সাগৰ (২৫), নয়াছাৰাৰ আত্মসমৰ্পণকাৰী কে এল অ’ সদস্য ৰমানাথ বৰ্মন (৩৮) ওৰফে ভীম আৰু চান্দিয়াগাঁৱৰ আত্মসমৰ্পণকাৰী কে এল অ’ সদস্য গৌতম ৰায়(২৮)।
উল্লেখ্য যে, শুকুৰবাৰে নিশা ৬ জনীয়া অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ দলে ছালাকাটিত থকা ব্যৱসায়ী বিকাশ জৈনৰ দোকানত প্ৰবেশ কৰি ধনদাবী কৰে ৷ ব্যৱসায়ী জনে ধন নাই বুলি কোৱাত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে পিষ্টলেৰে বিকাশ জৈনৰ কপালত আঘাত কৰাৰ লগতে দোকানৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰে৷ পিছত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে দোকানৰ কেচ বক্সৰ পৰা প্ৰায় ১৫ হাজাৰ টকা লুট কৰি ঘটনাস্থলীৰ পৰা উধাও হয় ৷ উক্ত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা তিনি প্ৰাক্তন KLO সহ ৫ জনক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীৰ জিম্মাত থকা আটকাধীন ৫ জনকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷