গুজৰাটত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ বাতিল কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে অহা ১৮ জুনত গুজৰাটৰ বদোদৰা ভ্ৰমণ কৰিব যদিও একেদিনাই অনুষ্ঠিত হ’বলগীয়া এটা ৰোড শ্ব’ এতিয়া নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে।
গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চহৰখনৰ নাগৰিকসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ১৮ জুনৰ দুপৰীয়া ১২ বজাত বদোদৰাত অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ বাতিল কৰিবলৈ নিৰ্দেশ দিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে চুবুৰীয়া পঞ্চমহল জিলাৰ পাৱাগড় পাহাৰৰ ওপৰৰ মহাকালী মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত ৰাতিপুৱা বদোদৰাত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ ইষ্টেটৰ ওচৰৰ কুষ্ঠ চিকিৎসালয়ৰ খেলপথাৰত গ্ৰাম্য গৃহনিৰ্মাণৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসহ প্ৰায় ৪ লাখ লোকক সম্বোধন কৰিব।