বকোৰ ছমৰীয়া অঞ্চলত দেওবাৰে আয়োজিত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে “বোকা নৃত্য ছালৰ বাবে ভাল” বুলি মন্তব্য আগবঢ়ায়। লগতে, দৰ্শক সকলক শান্তিপূৰ্ণভাৱে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনায়।
এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চতে জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ কণ্ঠৰ “এবাৰ যদি কোৱা” নামৰ শীৰ্ষক গীতটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিকুল বতৰৰ মাজতো হাজাৰ হাজাৰ দৰ্শকৰ লগতে নিজেও বৰষুণত তিতি গীত পৰিবেশন কৰে শিল্পীগৰাকীয়ে।