কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ৰ বিৰুদ্ধে ব্যাপক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত আজি বিহাৰ বন্ধ ঘোষণা কৰিছে প্ৰতিবাদকাৰীসকলে। কেন্দ্ৰীয় চৰকাৰৰ সেনা বাহিনীৰ বাবে আৰম্ভ কৰা নতুন আঁচনি ‘অগ্নিপথ’ৰ জৰিয়ে সেনাত মাত্ৰ ৪ বছৰৰ কাৰ্যকালৰ বাবে নিয়োগ কৰা হ’ব ‘অগ্নিবীৰ’। এই অগ্নিবীৰ সকলে ৪ বছৰ সেনাবাহিনীত সেৱা আগবঢ়োৱাৰ পিছত অৱসৰ ল’ব লাগিব লাগিব। অৰ্থাত তেওঁলোকৰ চাকৰিৰ সময়সীমা মাত্ৰ ৪ বছৰ। প্ৰতি বছৰে এই আঁচনিৰ মাধ্যমত সেনাত জোৱান ভৰ্তি কৰা হ’ব।
এই আঁচনিৰ বাবেই সেনাত স্থায়ী নিযুক্তি বন্ধ হোৱাৰ আশংকাই দেখা দিছে। যাৰ বাবে এতিয়া দেশৰ লাখ লাখ যুৱক-যুৱতী ক্ষোভিত হৈ পৰিছে আৰু এই আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, দিল্লী আদি ৰাজ্যত প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে।
শুকুৰবাৰে এনে প্ৰতিবাদৰ মাজতে কেইবাখনো ৰে’লত অগ্নিসংযোগ কৰাৰ কৰাৰ লগতে বিভিন্ন ৰাজ্যত বহু যান-বাহনৰ ক্ষতি কৰা হ’ল। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতিৰ ঘৰত আক্ৰমণ কৰা হ’ল। জ্বলাই দিয়া হ’ল ৰে’ল ষ্টেচন।প্ৰতিবাদে আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিহাৰত। ৰাজ্যখনত বহু কেইখন ৰে’ল জ্বলাই দিয়া হৈছে। বিহাৰৰ পৰিস্থিতি ইমানেই বেছি ভয়ংকৰ হৈ পৰিছে যে ১২ খনকৈ জিলাত কৰ্তন কৰিবলগীয়া হৈছে ইণ্টাৰনেট। হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰা প্ৰতিবাদক সমৰ্থন জনাইছে বহু ছাত্ৰ সংগঠনে। ইয়াৰ ফলতেই এই সংগঠন বোৰে আজি বিহাৰ ২৪ ঘণ্টা বন্ধ ঘোষণা কৰিছে।