মহাৰাষ্ট্ৰত মহাসংকট। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰি ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেও ক’ভিডত আক্ৰান্ত হৈছে বুজি জানিব পৰা গৈছে। আজি দুপৰীয়া ১ বজাত মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও তাৰ পূৰ্বেই ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহে। সূত্ৰ অনুসৰি, ভাৰ্ছুৱেলী এক ভাৰ্ছুৱেল বৈঠকত বিয়লি ৫ বজাত উপস্থিত থাকিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। এই বৈঠকতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে বুলিও সূত্ৰত প্ৰকাশ।
উল্লেখযোগ্য যে ৰাজনৈতিক সংকটে দেখা দিছে মহাৰাষ্ট্ৰত। এনে এক সংকটৰ সময়তে ক’ভিডৰ লক্ষণ দেখা দিয়াত মুম্বাইত হাস্পতালত ভৰ্তি হয় ৰাজ্যপাল ভগত সিং কোশ্যাৰী। শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ শিন্দেই আজি মহাৰাষ্ট্ৰৰ ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰাৰ বাবে সময় বিচাৰিছিল। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল ৰাজ্যপালৰ অসুস্থতাৰ বাবে। বৰ্তমান ৪০ বিসম্বাদী বিধায়কৰ সৈতে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত বাহৰ পাতিছে শিন্দেই। ইয়াৰ মাজতে আহিল মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ।
আনহাতে, গুজৰাটৰ পিছত গুৱাহাটীত উপস্থিত হৈছে বিসম্বাদী নেতা একনাথ শিন্দে। তেওঁ দাবী কৰিছে, তেওঁৰ সৈতে শিৱসেনাৰ ৪০ জন বিধায়কৰ লগতে ৬জন নিৰ্দলীয় বিধায়কৰো সমৰ্থন আছে।