বানপানী, ভূমিস্খলন আদিত ৰাজ্যৰ ৫০ লাখৰো অধিক লোক পীড়িত হৈ থকাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি পুনৰ আহি আছে ধাৰাসাৰ বৃষ্টিপাত।
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ সদৰি কৰিছে যে, ৰাজ্যত বিগত ৫দিন ধৰি হব নেৰানেপেৰা বৰষুণ। এই ৫ দিনৰ ভিতৰত ৩ দিন প্ৰৱল বৃষ্টিপাত হব বুলি সৰ্তকবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। মুঠৰ ওপৰত অসমত ২জুনলৈকে হব নেৰানেপেৰা বৰষুণ। কেৱল অসমেই নহয় উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত হব ধাৰাসাৰ বৰষুণ। অসমৰ লগতে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু চত্তীশগড়তো হব ধাৰাসাৰ বৰষুণ। উত্তৰ-পূবৰ নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত হব প্ৰৱল বৃষ্টিপাত।