ছবি নিৰ্মাতা লীনা মণিমেকলইৰ ডকুমেন্টৰী KAALI ৰ পোষ্টাৰৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে দিল্লী আৰক্ষীৰ আইএফএছঅ ইউনিটে ছবি KAALIৰ বিবাদিত পোষ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। উল্লেখ্য যে, ২ জুলাইত মুক্তি লাভ কৰা এই পোষ্টাৰখনত মা KAALI য়ে ধুমপান কৰা আৰু LGBTQ ৰ পতাকা লোৱা দেখা যায়। এই পোষ্টাৰখন কানাডাত আয়োজিত এক প্ৰজেক্ট অণ্ডৰ দ্যা টেন্টত প্ৰদৰ্শিত কৰা হয়।
আনহাতে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি (IPC) আৰু তথ্য প্ৰযুক্তি (সংশোধনী) আইন ২০০৮ৰ বিভিন্ন ধাৰাৰ অধীনত তিনিজন – চলচ্চিত্ৰ নিৰ্মাতা, সহযোগী প্ৰযোজক আৰু সম্পাদকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে।
অপৰাধমূলক ষড়যন্ত্ৰ, উপাসনাৰ ঠাইত অপৰাধ, ইচ্ছাকৃতভাৱে ধৰ্মীয় আৱেগক আঘাত কৰা, শান্তি ভংগৰ অভিপ্ৰায়ৰ অভিযোগত KAALI নামৰ তথ্যচিত্ৰখনৰ নিৰ্মাতা, সহযোগী প্ৰযোজক আৰু সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এনেধৰণ বিতৰ্কৰ বাবে কানাডাস্থিত ভাৰতীয় উচ্চায়োগে এই ঘটনা সন্দৰ্ভত এক বিবৃতি জাৰি কৰি KAALIৰ লগত জড়িত সকলো বিবাদিত পোষ্টাৰ আঁতৰাই দিবলৈ আহ্বান জনায়।