সিদ্ধু মুচেৱালা গোচৰত আৰক্ষীয়ে লাভ কৰিলে ডাঙৰ সফলতা। দিল্লী আৰক্ষীৰ বিশেষ চেলে সোমবাৰে গোচৰটোৰ দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্ত দুজন ক্ৰমে শচীন ভিৱানী আৰু অংকিত চিৰচা বুলি চিনাক্ত কৰা হৈছে। দুয়োজন কুখ্যাত লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰ দলৰ সদস্য বুলি জনা গৈছে। তেওঁলোকৰ বিৰুদ্ধে উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অপৰাধৰ অভিযোগ আছে। আৰক্ষীৰ সূত্ৰ মতে, অভিযুক্তজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অংকিতৰ বয়স মাত্ৰ ১৮ বছৰ।
সোমবাৰে, দিল্লী আৰক্ষীয়ে অভিযুক্ত দুজনক দিল্লীৰ কাশ্মীৰী গেট অঞ্চলৰ পৰা আটক কৰাৰ বিষয়ে অৱগত কৰে। তেওঁলোকৰ পৰা দুটা পিষ্টল আৰু ১৯ ৰাউণ্ড গোলাবাৰুদ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ উপৰিও অভিযুক্তৰ পৰা পঞ্জাৱ আৰক্ষীৰ তিনিযোৰ ইউনিফৰ্ম, দুটা মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰা হয়।
শচীন ভিৱানী নামৰ অপৰাধীজন লৰেন্স বিষ্ণোইৰ অতি ঘনিষ্ঠ বুলি জনা যায়। ৰাজস্থানৰ বিষ্ণোই দলটোৰ দায়িত্ব তেওঁৰ ওপৰত আছিল। তেওঁৰ বিৰুদ্ধে ৰাজস্থানৰ চাৰু আলাকাত একাধিক গুৰুতৰ অপৰাধৰ অভিযোগ আছে।
আনহাতে, অংকিত চিৰছা হাৰিয়ানাৰ সোনেপতৰ বাসিন্দা। তেওঁৰ বিৰুদ্ধে ৰাজস্থানত হত্যাৰ একাধিক প্ৰচেষ্টাৰ অভিযোগ আছে। যোৱা মাহতো, সিদ্ধু মুচেৱালা গোচৰত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক প্ৰিয়ব্ৰত, কাশীশ আৰু কেশৱ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক হাৰিয়ানা আৰু পাঞ্জাৱৰ বাসিন্দা।
উল্লেখ্য যে, ২৯ মে’ত, পঞ্জাৱৰ এজন প্ৰখ্যাত গায়ক শুভদীপ সিং সিদ্ধু ওৰফে সিদ্ধু মুচেৱালাক দিন দুপৰতে ৰাজপথত হত্যা কৰা হৈছিল। তেওঁ কংগ্ৰেছ দলৰ সৈতেও জড়িত আছিল।