মৃত্যুৰ ওচৰত হাৰ মানিব লগা হল ছিনজো আবেয়ে। আজি পুৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত ভাষণ দি থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক লক্ষ্য কৰি গুলীয়াই গুৰুতৰ ভাৱে আহত কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতে সংকটজনক অৱস্থাত ছিনজো আবেক এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
উল্লেখ্য যে, জাপানৰ ইতিহাসত আটাইতকৈ কম বয়সত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে ছিনজো আবেয়ে। ২০২০ চনত কোৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিছিল। জাপানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ছিনজো আবেক যিগৰাকী লোকে গুলীয়াইছে তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। য়ামাগামীয়ে ছিনজো আবেক গুলীওৱাৰ ক্ষেত্ৰত থ্ৰীডি প্ৰিণ্টেড বন্দুক ব্যৱহাৰ কৰিছিল। অৱশ্যে জাপানৰ প্ৰশাসনে এই বিষয়ে কোনো আনুস্থানিক তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই।