ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। “মোৰ এজন প্ৰিয় বন্ধু ছিনজো আবেৰ দুখজনক মৃত্যুত মই হতবাক আৰু দুখিতঃ। তেওঁ এজন মহান বৈশ্বিক ৰাজনীতিবিদ, এজন উৎকৃষ্ট নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক আছিল। তেওঁ জাপান আৰু বিশ্বক এখন উন্নত স্থান তৈয়াৰ কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
Sharing a picture from my most recent meeting with my dear friend, Shinzo Abe in Tokyo. Always passionate about strengthening India-Japan ties, he had just taken over as the Chairman of the Japan-India Association. pic.twitter.com/Mw2nR1bIGz
— Narendra Modi (@narendramodi) July 8, 2022
প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “ছিনজো আবেৰ সৈতে মোৰ সম্পৰ্ক বহু বছৰ পুৰণি। মই তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালৰ পৰাই চিনি পাইছিলো আৰু মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো আমাৰ বন্ধুত্ব অব্যাহত আছিল। অৰ্থনীতি আৰু গোলকীয় বিষয়ত তেওঁৰ দৃষ্টিভংগীয়ে সদায় মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
শেহতীয়াকৈ জাপান ভ্ৰমণৰ সময়ত, মই ছিনজো আবেক পুনৰ লগ কৰাৰ আৰু কেইবাটাও বিষয় আলোচনা কৰাৰ সুযোগ পাইছিলো। তেওঁ সদায়ৰ দৰে ধেমেলীয়া আৰু বুদ্ধিমান আছিল। মই ভবাই নাছিলো এয়া আমাৰ অন্তিম বৈঠক হ’ব। তেওঁৰ পৰিয়াল আৰু জাপানৰ লোকসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।