আজি সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনত উত্থাপন কৰা হ’ব জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক। দেশৰ বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত ব্যক্তিগত সদস্য বিধেয়ক সাংসদ ৰবি কিষাণে উত্থাপন কৰিব। জনসংখ্যা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত জনসংখ্যা ৰোধৰ বাবে এই বিধেয়কৰ পোষকতা কৰিছে গোৰখপুৰৰ সাংসদ ৰবি কিষাণে।
বিজেপি সাংসদ ৰবি কিষাণৰ লগতে সাংসদ সুশীল কুমাৰ সিং, বিষ্ণু দয়াল ৰাম আৰু ড০ আলোক কুমাৰেও এই সন্দৰ্ভত দিছে জাননী। অৱশ্যে ৪ টাকৈ সন্তান থকা সাংসদ ৰবি কিষাণে এই বিধেয়ক উত্থাপন কৰাৰ বিষয়টোক বহুতেই কটাক্ষ কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা চীনতকৈ অধিক হ’ব। ইয়াৰ লগে লগে বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশলৈ পৰিণত হ’ব ভাৰত।