অৱশেষত মঙ্গলবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ থকা অসমৰ চাৰি যুৱক উদ্ধাৰ হ’ল অৰুণাচলত। ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে চাৰিওজন যুৱকৰে। অৰুণাচলৰ জিৰ’ পইণ্টৰ ২০০ ফুট তলত উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ।
চাৰিজনীয়া দলটো ১৯ জুলাইত এখন গাড়ীৰে অৰুণাচললৈ গৈছিল ৷ এ এছ ০১ বিপি ০৬০৫ নম্বৰৰ গাড়ীখনৰে অৰুণাচললৈ যোৱাৰ পথৰ পৰা তেওঁলোক সন্ধানহীন হৈ আছিল।
মৃত্যু হোৱা যুৱক কেইজন হৈছে নগাঁৱৰ কন্দলিৰ নয়ন বসুমতাৰী, নগাঁও চহৰৰ লাওঁখোৱা পথৰ বেদান্ত বৰমেহলা, সোনাপুৰৰ হিৰক বড়ো আৰু ৰঙাপাৰাৰ সঞ্জীব দাস।