ডিব্ৰুগড় লেপেটকতা চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কলঘৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈ জীৱন-মৃত্যুৰে যুঁজিবলগীয়া হৈছে মইনা নায়কে। বৰ্তমান GMCHত চিকিৎসাধীন হৈ থকা মইনা নায়কৰ স্বাস্থ্য সন্দৰ্ভত অধ্যক্ষ অভিজিৎ শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত জনায় যে, মইনা নায়ক এতিয়া সংকটমুক্ত, অৱশ্যে বৰ্তমানো Infectionৰ ভয়াৱহতা আছে। এতিয়াৰে পৰা প্লাষ্টিক ছাৰ্জাৰীৰ দায়িত্বত চলিব মইনা নায়কৰ চিকিৎসা। যথেষ্টৰ তেজ দিব লাগিব মইনা নায়কক।
আনহাতে আজি মইনা নায়কৰ স্বাস্থ্যৰ বুজ ল’বলৈ জি এম চি এইছত উপস্থিত হয়গৈ বিধায়ক ৰূপেশ গুৱালা। তেওঁ মইনা নায়কৰ পৰিয়ালৰ সদস্যৰ সৈতেও বাৰ্তালাপ কৰে।