স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। উল্লেখ্য যে, স্বাস্থ্য সেৱা সঞ্চালকালয় অসমে গ্ৰেড-৩ (কাৰিকৰী আৰু অ-কাৰিকৰী) আৰু চতুৰ্থ শ্ৰেণীৰ (গ্ৰুপ ডি) পদৰ বাবে নিযুক্তি সম্পৰ্কে এক জাননী প্ৰকাশ কৰিছিল। নিযুক্তিৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ২৮ ফেব্ৰুৱাৰী ২০২২।
যি সকলে অন্তিম তাৰিখৰ আগতে ডিএইচএছ অসম খালী পদৰ বাবে আবেদন কৰিছে তেওঁলোকে আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব। বিষয়াসকলে লিখিত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। ৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা। বানপানীৰ বাবে পিছুৱাই দিয়া হৈছিল পৰীক্ষাৰ সময়সূচী। ইতিমধ্যে জিলা উপায়ুক্তসমূহলৈ জাৰি কৰা হৈছে নিৰ্দেশনা।