আজিৰ পৰা আৰাম্ভ হোৱা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় হৈ অংশগ্ৰহণ কৰিছে অসমৰ ৭ গৰাকী খেলুৱৈয়ে।
তেওঁলোকৰ ভিতৰত আছে, বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া, মৃদুল বৰগোহাঁই।
৭০ কিলোগ্রাম লাইট মিডলৱেইট শাখাত লাভলীনা বৰগোহাঁই, ৬৩.৫ কিলোগ্রাম লাইট ৱেলটাৰৱেইট শাখাত শিৱ থাপা, এথলেটিকছৰ ২০০ মিটাৰ, 4×100 ৰীলেত হিমা দাসে খেলিব।