আজি চণ্ডিগড়ত অনুষ্ঠিত হ’বলগীয়া ‘ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা’ শীৰ্ষক সন্মিলনত ভাষণ আগবঢ়োৱাৰ লগতে NCB ৰ সহযোগত ৩০ হাজাৰ কেজি ড্ৰাগছ দাহন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সন্মিলনত উপস্থিত থাকিব হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ লগতে চণ্ডিগড়ক প্ৰশাসক, বি এছ এফ, নিয়া, NCBৰ শীৰ্ষ বিষয়াসকলৰ উপৰিও সংশ্লিষ্ট ৰাজ্য সমূহৰ এ এন টি এফৰ মূৰব্বী আৰু এন চি আৰ ডিৰ সদস্য সকলো উপস্থিত থাকিব।
উল্লেখ্য, ড্ৰাগছ সৰবৰাহ আৰু এই সংক্ৰান্তত সুৰক্ষামূলক ব্যৱস্থা সন্দৰ্ভত এয়াই হ’ব প্ৰথমখন সন্মিলন য’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন ড্ৰাগছ এনফৰ্চমেণ্ট এজেঞ্চী সকলো একেখন মঞ্চত একত্ৰিত হ’ব। উল্লেখ্যে যে, এই সন্মিলনৰ মাজতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত দেশৰ চাৰিটা পৃথক স্থানত NCBৰ দলে ৩০ হাজাৰ কিলোগ্ৰামৰো অধিক ড্ৰাগছ তথা নিচাজাতীয় ঔষধ দহন কৰিব।
ইয়াৰ ভিতৰত দিল্লীত ১৯ হাজাৰ ৩২০ কোজি, চেন্নাইত ১ হাজাৰ ৩০৯ কেজি ৪০১ গ্ৰাম, গুৱাহাটীত ৬ হাজাৰ ৭৬১ কেজি ৬৩ গ্ৰাম আৰু কলকাতাত ৩ হাজাৰ ৭৭ কেজি ৭৫৩ গ্ৰাম ড্ৰাগছ দহন কৰা হ’ব।
উল্লেখ কৰাৰ প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ আহ্বান জনোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এন চি বিয়ে স্বাধীনতাৰ ৭৫ বছৰত ৭৫ হাজাৰ কেজি ড্ৰাগছ ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে। এন চি বিয়ে যোৱা ১ জুন ২০২২ ৰ পৰা ড্ৰাগছ তথা নিচা জাতীয় ঔষধ দহন অভিযান আৰম্ভ কৰিছিল।