ৰাজ্যজুৰি NRC প্ৰকল্পৰ অধীনত কাম কৰা ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা প্ৰায় ১৮০ জন। যোৱা পাঁচ মাহ ধৰি দৰমহা পৰিশোধ নকৰাৰ বাবে ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্য দৰমহা কেতিয়া পাব সেই লৈও অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ নিশ্চিতি পোৱা নাই। কোটি কোটি টকা NRC প্ৰকল্পৰ নামত বাজেটত ধাৰ্য কৰা হয় যদিও এই কৰ্মচাৰী সকলক যেন সেই বাজেটে ঢুকি নাপায়। আনকি এইবাৰৰ বাজেটত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা ধাৰ্য কৰাৰ পিছতো বৰ্তমানলৈকে কিন্তু বিত্ত বিভাগে ধনৰাশি মোকলাই দিয়া নাই বুলিও অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে, NRCৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে তেওঁলোকৰ সমস্যাসমূহ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে তেওঁলোকে কোনোধৰণৰ সহাঁৰি পোৱা নাই বুলি NRC কৰ্মচাৰী সন্থাই (NRC employee association) জনাইছে। মন কৰিবলগীয়া, ২০১৯ চনৰ ৩১ আগষ্টত NRCৰ খচৰা প্ৰকাশ পাইছিল আৰু এই খচৰা বা অন্তৰ্ভুক্তি/বৰ্জনৰ পৰিপূৰক তালিকা প্ৰকাশ কৰিবলৈ প্ৰায় পাঁচ বছৰ ধৰি এই বঞ্চিত ঠিকাভিত্তিক কৰ্মচাৰীসকলে দিন-ৰাতি একাকাৰ কৰি নিৰন্তৰ কাম কৰিছিল।
উল্লেখ্য যে, NRC ৰ প্ৰথম গৰাকী ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ অধীনতে প্ৰকাশ পোৱা NRCত ব্যাপক বিসংগতি থকাৰ অভিযোগ উঠিছে। আনকি NRC ৰ পৰৱৰ্তী সমন্বয়ক হিতেশ দেৱ শৰ্মাই কেইবাটাও গোচৰো তৰিছে প্ৰতীক হাজেলাৰ বিৰুদ্ধে৷ জালিয়াতি আৰু অনিয়মেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ অভিযোগ তুলি NRC ৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে হিতেশ দেৱ শৰ্মাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰিছিল। অৱশ্যে ৩১ জুলাইত হিতেশ দেৱ শৰ্মাই অৱসৰ গ্ৰহণ কৰে আৰু তেওঁৰ স্থানত চৰকাৰে ২০১০ বৰ্ষৰ IAS বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক NRCৰ সমন্বয়ক পদত অধিষ্ঠিত কৰে।
যি কি নহওক, অনতি পলমে NRCৰ এই ঠিকাভিত্তিক কৰ্মাচৰীসকলক পাৰিতোশিক মোকলাই দি চৰকাৰ তথা বৰ্তমানৰ সমম্বয়ক পাৰ্থ প্ৰতিম মজুমদাৰক এটা স্থায়ী ব্যৱস্থাৰ দাবী জনাইছে NRC কৰ্মচাৰী সন্থাই।