স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ অংশ ৰূপে কিছুমান বিশেষ শ্ৰেণীৰ কাৰাবন্দীৰ শাস্তি ক্ষমা কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। গৃহ মন্ত্ৰালয়ৰ পত্ৰৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ১৫ আগষ্টৰ পৰা মুক্তিৰ বাবে যোগ্য কয়দীৰ শ্ৰেণীসমূহ নিৰ্দিষ্ট কৰা হৈছে।
সেই মৰ্মে, ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষীক তেওঁলোকৰ মুঠ শাস্তিৰ সময়সীমাৰ ৫০ শতাংশ সম্পূৰ্ণ কৰিলে মুকলি কৰি দিয়া হ’ব। পুৰুষ দোষীৰ ক্ষেত্ৰত শাস্তি ক্ষমা কৰাৰ বাবে নূন্যতম বয়স ৬০ বছৰ। শাৰীৰিক ভাৱে ৭০ শতাংশ অক্ষমতা বা তাতকৈ অধিক অক্ষমতা থকা বুলি মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ দিয়া দোষীসকলকো মুকলি কৰি দিয়া হ’ব যদিও তেওঁলোকৰ শাস্তিৰ সময় সীমাও ৫০ শতাংশ পাৰ হব লাগিব। অৱশ্যে মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ পালে গুৰুতৰ ৰোগত ভোগা দোষীক মুকলি কৰি দিয়াৰ কোনো চৰ্ত ৰখা হোৱা নাই।
তদুপৰি যি সকলে শাস্তিৰ সময়সীমাৰ দুই তৃতীয়াংশ বা ৬৬ সম্পূৰ্ণ কৰিছে, যিসকল দৰিদ্ৰ বা দৰিদ্ৰ কয়দী, যিয়ে নিজৰ শাস্তি সম্পূৰ্ণ কৰিছে কিন্তু তেওঁলোকৰ ওপৰত আৰোপ কৰা জৰিমনা পৰিশোধ নকৰাৰ বাবে এতিয়াও কাৰাগাৰত আছে, আৰু যি সকল ব্যক্তিয়ে কম বয়সতে অপৰাধ সংঘটিত কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে আন কোনো অপৰাধমূলক কাৰ্যত জড়িত নাছিল বা কোনো গোচৰ ৰুজু হোৱা নাই।
মৃত্যুদণ্ড, আজীৱন কাৰাদণ্ড, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে আইন অনুসৰি তৰা গোচৰৰ দোষীসকলৰ বাবে অৱশ্যে এনে ক্ষমাদান নহ’ব। লগতে যৌতুক, জালনোট, ধৰ্ষণ, মানৱ সৰবৰাহ ধন সৰবৰাহ, দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত, নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবছটেন্স এক্ট তথা দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীন আৰু শিশু সুৰক্ষা আইনৰ অধীনৰ অপৰাধৰ বাবে দোষী সাব্যস্ত বন্দীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়।
গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰদান কৰা তথ্য অনুসৰি নিৰ্দিষ্ট কৰা শ্ৰেণীত কোনো মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষী নাই। আনহাতে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ পাঁচজন পুৰুষ কয়দীৰ শাস্তিৰ কমেও ৬৫% সম্পূৰ্ণ হৈছে। অসমৰ কাৰাগাৰসমূহত ১২ জন দোষী আছে, যিয়ে তেওঁলোকৰ শাস্তিৰ সময়সীমাৰ ৬৬ শতাংশ সম্পূৰ্ণ কৰিছে। এইক্ষেত্ৰত সৰ্বাধিক নগাঁও কেন্দ্ৰীয় কাৰাগাৰত থকা শীলবানুশ গোৰীয়াই (৯০.৬%) শাস্তিৰ ম্যাদ অতিবাহিত কৰিছে।