দেশত ক’ভিড ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বিগত ২৪ ঘণ্টাত ২০ হাজাৰ ৫৫১জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত ৭০ জন লোকৰ মৃত্যু হৈছে। এই সংখ্যাকে ধৰি এতিয়ালৈ দেশত মৃত্যুৰ সংখ্যা ৫ লাখ ২৬ হাজাৰ ৬০০জনলৈ বৃদ্ধি পালে। বিগত দিনটোত ২১ হাজাৰ ৫৯৫জন লোক ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত বৰ্তমান ক’ভিডৰ সক্ৰিয় সংখ্যা হৈছে ১ লাখ ৩৫ হাজাৰ ৩৬৪টা। যিটো মুঠ সংখ্যাৰ ০.৩১ শতাংশ। ক’ভিডৰ পজিটিভিটি ৰেট ৫.১৪ শতাংশ। বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যাত ১১১৪জন কম হৈছে। সুস্থতাৰ হাৰ ৯৮.৫০ শতাংশ। দেশত ২,০৫,৫৯,৪৭২ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। এতিয়ালৈ ৪ কোটি ৩৪ লাখ ৪৫ হাজাৰ ৬২৪জন লোক সুস্থ হৈ উঠিছে।