চোৰাংচোৱাই অসম আৰক্ষীক দিছে বিস্ফোৰক তথ্য। আলফা (স্বাঃ)ৰ টাৰ্গেটত অইল ইণ্ডিয়াৰ পাইপ লাইন, চাহ বাগিচা আৰু ভাষিক সংখ্যালঘু লোক। তিনিচুকীয়াত বাহৰ পাতি থকা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উজনি অসমৰ নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহ্বানমূলক বুলি স্বীকাৰ কৰিছে।
চোৰাংচোৱাৰ খবৰৰ পাছতেই ইতিমধ্যে সেনা আৰু আৰক্ষীৰে সুকীয়া সুকীয়া বৈঠকত অংশ লৈ পৰিস্থিতি পর্যালোচনা কৰিছে জি পি সিঙে। কূটাঘাট ৰোধ কৰিবলৈ সষ্টম হৈ পৰিছে সেনা আৰু অসম আৰক্ষী। আলফা (স্বাঃ)ৰ টাৰ্গেটত অইল ইণ্ডিয়াৰ পাইপ লাইন। চাহ বাগিচাটো আলফাই সংঘটিত কৰিব পাৰে কূটাঘাত।
আনহাতে উজনিত ভাষিক সংখ্যালঘু লোককো টার্গেট কৰিব পাৰে আলফা(স্বাঃ)ই। চোৰাংচোৱাৰ খবৰৰ পিছতেই ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে উজনি অসমৰ নিৰাপত্তা ব্যৱস্থা।