বৃহস্পতিবাৰে বিয়লি ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথ দ্বিতীয়ই ৯৬ বছৰ বয়সত মৃত্যুক সাৱটি ল’লে। প্ৰায় ৭০ বছৰ ধৰি শাসন কৰা এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পিছতে ৰজা তৃতীয় চাৰ্লছে আজি দেশখনক সম্বোধন কৰিব। ৭৩ বছৰীয়া চাৰ্লছে বৃহস্পতিবাৰে তেওঁৰ মাতৃৰ মৃত্যুৰ পিছতে স্কটিছ হাইলেণ্ড ৰিট্ৰিটত সম্ৰাট হয়। বৰ্তমান বালম’ৰেলত থৰা চাৰ্লছ আজিয়েই লণ্ডনলৈ উভতি আহিব।
আনহাতে এলিজাবেথ দ্বিতীয়ৰ অনুপস্থিতিত ৰজা চাৰ্লছে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ সৈতে তেওঁৰ প্ৰথমখন বৈঠকত বহিব। মৃত্যুৰ পূৰ্বে মহাৰাণী এলিজাবেথে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক নিযুক্তি দিছিল। এয়াই আছিল এলিজাবেথ দ্বিতীয়ৰ অন্তিম আনুষ্ঠানিক কাৰ্য।