জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ এমাহ পিছত আজি তেওঁৰ নতুন ৰাজনৈতিক দল ঘোষণা কৰিবৰ বাবে এখনি সংবাদমেল অনুষ্ঠিত কৰিছে।
দেওবাৰে, তেওঁ কৰ্মী আৰু নেতাসকলৰ সৈতে বৈঠকত বহে আৰু বৈঠকত নতুন দলৰ কথা আলোচনা কৰি জানিবলৈ দিয়ে যে, তেওঁ সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি নতুন দলৰ নাম ঘোষণা কৰিব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে গুলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত তেওঁৰ প্ৰথম ৰাজহুৱা সভাত নিজৰ ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল আৰু কৈছিল যে জম্মু আৰু কাশ্মীৰৰ মানুহে দলটোৰ নাম আৰু পতাকা নিৰ্ধাৰণ কৰিব।