কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিবলৈ সাজু হৈছে শশী থাৰুৰ। মঙলবাৰে দলৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসুদন মিষ্ট্ৰীয়ে কয় যে AICCৰ কোষাধ্যক্ষ পৱন কুমাৰ বানছালেও মনোনয়ন প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে।
মধুসুদন মিষ্ট্ৰীয়ে জানিবলৈ দিয়ে যে শশী থাৰুৰে ৩০ ছেপ্টেম্বৰত পুৱা ১১ বজাত সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব। মঙলবাৰে দলৰ মুৰব্বী ছোনিয়া গান্ধীক মধুসুদন মিষ্ট্ৰীয়ে ১০ জনপথৰ বাসগৃহত সাক্ষাৎ কৰি তেওঁৰ ভোটাৰৰ পৰিচয় পত্ৰ প্ৰদান কৰে। তেওঁ লগতে মনোনয়ন প্ৰ-পত্ৰ কিমানজনে সংগ্ৰহ কৰিছে, সেই বিষয়ে এতিয়ালৈকে চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে আৰু প্ৰতিনিধিসকলৰ বিষয়েও ছোনিয়া গান্ধীক অৱগত কৰে।
দলটোৱে জাৰি কৰা এক অধিসূচনা অনুসৰি ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া।