চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, এতিয়া বছৰত কেৱল ১৫টা ৰন্ধন গেছৰ চিলিণ্ডাৰহে কিনিব পাৰিব গ্ৰাহকে। এবছৰত এজন গ্ৰাহকক ১৫টাৰ অধিক চিলিণ্ডাৰ দিয়া নহ’ব। ইয়াৰ উপৰি গ্ৰাহকে কেৱল মাহত দুটা চিলিণ্ডাৰ ল’ব পাৰিব। দুটাতকৈ অধিক চিলিণ্ডাৰ নাপাব। বৰ্তমানলৈ চিলিণ্ডাৰ লাভ কৰাৰ মাহিলি অথবা বছৰেকীয়া কোনো কোটা নিৰ্ধাৰণ কৰা হোৱা নাছিল।
নতুন নিয়ম মতে এতিয়া বছৰত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা ১২টা হ’ব। ইয়াত অধিক চিলিণ্ডাৰ কিনিলে নাপাব ৰাজসাহায্য। বাকী চিলিণ্ডাৰ গ্ৰাহকে ৰাজসাহায্য বিহনী ভাৱে কিনিব লাগিব।
তথ্ অনুসৰি, যদি কোনো গ্ৰাহকে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ এবছৰত ১৫টাৰ অধিক লয়, তেন্তে তেওঁ ইয়াৰ বাবে তেল কোম্পানীৰ বিষয়াৰ অনুমতি ল’ব লাগিব। এই কোটা নিৰ্ধাৰণ হ’লে ঘৰুৱা গেছ চিলিণ্ডাৰ ক’লা বজাৰ বন্ধ হ’ব। এতিয়ালৈ বহু গ্ৰাহকে প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ লৈ অধিক দামত আনক বিক্ৰী কৰিছিল।