ধুবুৰীত বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ আজি চাৰি দিনৰ পিছত উদ্ধাৰ কৰা হয়। চাৰি দিন ধৰি অব্যাহত ৰখা উদ্ধাৰ অভিযানৰ অন্তত আজি চক্ৰ বিষয়াগৰাকীক মৃত অৱস্থাত পোৱা যায়।
উল্ল্যেখ্য, এনডিআৰএফ আৰু এছডিআৰএফৰ দলে নাৱৰ লগতে ড্ৰোনেৰেও চলাইছিল অভিযান। আজি ৰাতিপুৱাৰ পৰাই এছডিআৰএফে চলাই থকা অভিযানত দুৰ্ঘটনাস্থলীৰ কিছু নিলগত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। দাসে গৰাখহনীয়াৰ ৰোধৰ কামত দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিবলৈ গৈছিল। তেওঁৰ লগত আছিল লাট মণ্ডল নমেজ উদ্দিন আৰু এজন ফিল্ড অফিচাৰ। মুঠ ২৯গৰাকী লোক নাওত আছিল আৰু ২৮গৰাকীৰ প্ৰাণৰক্ষা পৰে যদিও দাস নিখোজ হৈ পৰে।