দুৰ্নীতিগ্ৰস্ত কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰী আৰু তেওঁৰ তিনি সহযোগী ৰিচাৰ্ড ইছলাৰী, মনোজ বসুমতাৰী আৰু সৌভিক দে’ক গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাদীশৰ আদালতত যোৱা নিশা হাজিৰ কৰোৱা হয়। আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইজনকে।
পৰিবহণ বিষয়াজনৰ লগতে তেওঁৰ সহযোগীসকলে শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছতে সোমেশ্বৰ ব্ৰহ্মৰ মহানগৰীৰ কাহিলীপাৰাস্থিত বাসগৃহতো তালাচী চলাইছিল আৰক্ষীয়ে।