আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ হৈ থকা অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৷
কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব বুলি ছাত্ৰ সন্থাই সকিয়াই দিয়াৰ লগতে উক্ত বিষয়টোক লৈ অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাকো ছাত্ৰ সন্থাই ধিক্কাৰ দি কয়- অসম চৰকাৰে অসমীয়া ভাষা ৰক্ষাৰ বাবে সাহসেৰে ফলপ্ৰসূ পদক্ষেপ লৈ দেখুৱাওক ৷
চৰকাৰৰ এই সিদ্ধান্ত আৰু ডিব্ৰুগড় কেন্দ্ৰৰ সম্প্ৰচাৰ অব্যাহত ৰখাৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ২৬ অক্টোবৰত ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিব বুলি এক সংবাদ বিবৃতিত জনায়। ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীদীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শ্ৰীশংকৰজ্যোতি বৰুৱাই ক্ষোভেৰে কয়- অসমত অসমীয়া ভাষা বিৰোধী কাৰ্য সহ্য কৰা নহ’ব ৷