অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শুকুৰবাৰে মহাপ্ৰয়াণ হয়। প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ পাছতেই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে। ৰাজ্য চৰকাৰে নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে বেলতলাৰ বাসগৃহত এখন চাৰু কলা বিদ্যালয় স্থাপন কৰিব বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে বিদ্যালয় স্থাপনৰ পোষকতা নীলপৱন বৰুৱাৰ পৰিয়ালৰ বুলি মন্ত্ৰী বিমল বৰাই কয়। পৰিয়ালৰ লগত আলোচনা কৰি ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।