তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৪ বিধায়কক ৫০ কোটি কৈ টকাত ক্ৰয় কৰিবলৈ গৈ কাৰাগাৰৰ আলহী হ’ল তিনি ব্যক্তি। ২৬ অক্টোবৰত শাসনাধিষ্ঠ দলটিৰ ৪ জন বিধায়কক ক্ৰয় কৰাৰ উদ্দেশ্যেৰে তেলেংগানাৰ ৰাজধানী হায়দাৰাবাদত এই তিনিগৰাকী ব্যক্তি উপস্থিত হৈছিলগৈ। পৰৱৰ্তী সময়ত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ৰোহিত ৰেড্ডীৰ বাসভৱনত চলা এক অভিযানত আটক কৰা হৈছিল ব্যক্তি তিনি গৰাকীক। দলটিৰ অভিযোগ অনুসৰি, ভাৰতীয় জনতা পাৰ্টীৰ ‘অপাৰেচন লটাছ’ৰ অংশ হিচাপে তেলেংগানাত বিধায়ক ক্ৰয় কৰি ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰাটো মূল উদ্দেশ্য আছিল ব্যক্তি কেইগৰাকীৰ।
উল্লেখ্য যে, অভিযানৰ পাছত ৰোহিত ৰেড্ডীয়ে অভিযোগ উত্থাপন কৰে যে, বিধায়ক ক্ৰয় কৰাত সহায় কৰাৰ বাবদ তেওঁক ১০০ কোটি টকা উপঢৌকন আগবঢ়াইছিল ব্যক্তি তিনি গৰাকীয়ে। ইয়াৰ পাছতেই, হায়দাৰাবাদ উচ্চ ন্যায়ালয়ে আৰক্ষীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে তিনিও গৰাকী ব্যক্তিক। আনহাতে, দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ ৰ অধীনত তিনিও গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ।