দেশজুৰি চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। কংগ্ৰেছৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত মালিকাৰ্জুন খাৰ্গে মঙলবাৰে হায়দৰাবাদত এই অভিযানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে, ‘যেতিয়াই আমি সংসদত যিকোনো বিধেয়কৰ বিৰোধিতা কৰিছিলো তেতিয়াই টি আৰ এছয়ে( তেলেংগনা ৰাষ্ট্ৰ সমিতি) বিজেপিক সমৰ্থন কৰিছিল। কিন্তু তাৰপাছতো তেওঁলোকে বিজেপি মুক্ত চৰকাৰ আনিম বুলি কয়। যদি কোনোবাই বিজেপি মুক্ত চৰকাৰ গঠন কৰিব পাৰে, তেন্তে সেয়া কেৱল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সম্ভৱ”।
ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে টি আৰ এছৰ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ প্ৰত্যক্ষ যোগাযোগ আছে। অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কৈছিল যে বিজেপি আৰু টিআৰএছে একেলগে কাম কৰি আছে আৰু প্ৰধানমন্ত্ৰী মোডীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কতো আছে।