১৯৮৩ চনত প্ৰতিষ্ঠিত বেলতলা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বেলতলা মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় প্ৰত্যায়ন আৰু মূল্যায়ন পৰিষদ চমুকৈ ‘নাক’ৰ দ্বাৰা ‘ বি+’ গ্ৰেড লাভ কৰিবলৈ সমৰ্থ হয়।
আজি ঘোষিত ফলাফলৰ পিছতে মহাবিদ্যালয় খনত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। ছাত্র -ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী তথা অধ্যক্ষ সকলোৱে এই প্ৰাপ্তিক শিক্ষানুষ্ঠানখনক এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।